
হিমজ্যোতি তালুকদাৰৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবি ' তাৰিখ' ত মই মূল চৰিত্ৰটো ৰূপায়ন কৰিছোঁ। 'তাৰিখ' প্ৰযোজনা, পৰিচালকৰ নিখুত কাম আৰু ছবিৰ লগত জড়িত সকলো দিশক লৈ মই সুখী। যোৱা বছৰটোত 'তাৰিখ'ৰ চিত্ৰনাট্যখনক লৈ অনুষ্ঠিত হোৱা আলোচনা/ পৰ্যালোচনাত মই উপস্থিত আছিলোঁ। আমি জানো যে চৰিত্ৰ একোটা ৰূপায়ন কৰাৰ পূৰ্বে যিমান সময় দিয়া হয়, সন্মান কৰা যায়, ভুল ত্ৰুটিবোৰ নিৰপেক্ষ হৈ বিছৰা যায় সিমান সেই চৰিত্ৰৰ দোষ- গুণসমূহ স্পষ্ট হৈ দেখা দিয়ে।
প্ৰতাগণিষ্ট দুৰ্লভ দত্ত। পদাৰ্থ বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক। এজনেই পুত্ৰ। তাৰিখ হ’ল পিতা-পুত্ৰৰ এচোৱা সময়ৰ জীৱনগাথা। বিচিত্ৰতাৰ সেই সময়। এটা বাস্তৱ সত্য কথা যে কোনো পিতৃ-মাতৃয়ে নিজ সন্তানৰ অমংগল নিবিচাৰে। এনেকুৱা এটা হৃদয়স্পৰ্শী ঘটনাক কেন্দ্ৰ কৰি দুৰ্লভ দত্তৰ জীৱন পৰিক্ৰমা আগবাঢ়ে। ছুটিঙৰ সময়ত চূড়ান্ত চিত্ৰনাট্যখন লৈ দেখিলোঁ মেদহীন এখন compact script। চৰিত্ৰসমূহৰ বিশ্লেষণ সঠিক আৰু স্বয়ং সম্পূৰ্ণ। নীৰৱতা ছবি খনৰ মেৰুদণ্ড আৰু লগতে পৰিমিত অলংকাৰ। Silence speaks louder than words - দুৰ্লভ দত্ত সমুদায় নীৰৱ। কিন্তু সেই নীৰৱতাত থাকে ধুমুহাৰ গৰ্জন। তৰালি শৰ্মাই নিষ্ঠাৰে সংগীত প্ৰয়োগ কৰিব, যি হৈ পৰিব অধিক শ্ৰুতি মধুৰ! এই কাৰক সমূহৰ মাজেৰে পৰিপাটি স্বভাৱৰ অধ্যাপক দুৰ্লভ দত্তৰ ৰূপান্তৰ ঘটে। হ্ৰাস হয় তেওঁৰ মেধা শক্তিৰ, পৰিৱৰ্তন ঘটে সাজ পোছাকৰ, পৰিৱৰ্তন ঘটে মুখ মণ্ডলৰ, চুলি দাঢ়ি সকলোৰে। হঠাৎ সংযোজিত হয় এক নতুন অভিযানৰ। সেই অভিযানৰ অন্য নাম ' তাৰিখ'। মাথোঁ ৬ ডিচেম্বৰ তাৰিখলৈকে অপেক্ষা কৰক।

We also offer photography services, including product photography, headshots, and event photography. Our team of professionals can help you capture high-quality images that showcase your brand and tell your story.
We use cookies to analyze website traffic and optimize your website experience. By accepting our use of cookies, your data will be aggregated with all other user data.